এক জানুৱাৰীৰ ঘোষণা : আপুনিও আমাৰ সাংবাদিক হ’ব পাৰিব

Share This Article

এটা নতুন বছৰৰ আৰম্ভণিত আমিও এক নতুন যাত্ৰাৰ পাতনি মেলিব বিচাৰিছো ৷ অধিক পৰিসৰত , অধিক বিস্তৃত ৰূপত আমাৰ দৰ্শক , পঢ়ুৱৈৰ বাবে নিৰ্বাচিত খবৰ আগবঢ়াই দিয়াৰ পৰিকল্পনা হাতত লৈছো ৷ এই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ আমাক প্ৰয়োজন এদল দায়বদ্ধ সাংবাদিকৰ ৷ সেইবাবেই অসমৰ প্ৰতিখন নগৰ- চহৰ , প্ৰতিখন গাও , প্ৰতিখন মহাবিদ্যালয় – বিশ্ববিদ্যালয়ত আমাৰ প্ৰতিনিধি নিয়োগ কৰিব বিচাৰিছো ৷ যাতে অসমৰ সকলো প্ৰান্তৰ সকলো নিৰ্বাচিত খবৰেই আমাৰ দৰ্শক- পঢ়ুৱৈয়ে লাভ কৰিব পাৰে ৷ আমাৰ প্ৰতিনিধিসকল আমি কেনেকুৱা হোৱাটো বিচাৰো –
• আমাক অভিজ্ঞতা নালাগে ৷ আমাক লাগে প্ৰতিভাৱান , সৎ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ সাংবাদিক ৷
• অসম আৰু ভাৰতৰ দিন প্ৰতিদিনৰ ৰাজনৈতিক পৰিক্ৰমা সন্দৰ্ভত জ্ঞান থকা যিকোনো যোগ্য লোকেই আমাৰ সাংবাদিক হ’ব পাৰিব ৷
• বিশ্ববিদ্যালয় – মহাবিদ্যালয়ৰ সৎ , নিৰ্ভীক , প্ৰতিভাৱান ছাত্ৰ- ছাত্ৰীসকল – যিয়ে সাংবাদিকতাৰ জড়িয়তে সমাজৰ বিকাশত অৰিহনা যোগাব বিচাৰে , তেওলোকৰ প্ৰতি আমি বিশেষভাৱে আগ্ৰহী ৷
• অসমীয়া বা ইংৰাজী ভাষাত দখল অত্যন্ত জৰুৰী ৷ ভালদৰে অসমীয়া বা ইংৰাজী ক’ব পৰা আৰু লিখিব পৰা লগতে স্পষ্ট কণ্ঠস্বৰৰ লোকক আমি আমাৰ মুখ্য কাৰ্যালয়ত নিয়োগ কৰিব বিচাৰো ৷
• যদি আপুনিও আমাৰ সৈতে জড়িত হ’বলৈ আগ্ৰহী তেনেহ’লে আপোনাৰ শিক্ষাগত অৰ্হতা আৰু যিকোনো এটা বাতৰি ২৫০ টা শব্দৰ ভিতৰত লিখি আমালৈ প্ৰেৰণ কৰক ৷
• আপুনি এজন সাংবাদিক হিচাপে কেনেধৰণৰ বাতৰি আমাৰ বাবে যুগুতাব বিচাৰে সেয়াও জনাব পাৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.