সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উপন্যাসে বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় : প্ৰদীপ আচাৰ্য

প্ৰথম অসমীয়া ‘ডিছট’পীয়েন’ উপন্যাস ‘অৰ্বাচীন’ উন্মোচন
গুৱাহাটী, ১৯ ডিচেম্বৰ : ‘উপন্যাস বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে নহয়। বিশ্বৰ বিষয়েও নহয়। উপন্যাস জীৱন-জগতৰ বিষয়ে। ই বাস্তৱৰ লগত পৰিচিতিৰ কথা নেভাবে। পৰ্যালোচনাও নকৰে। বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয়। গতিকে ইয়াতো ব্যক্তিয়েই, স্ৰষ্টায়েই আটাইতকৈ ডাঙৰ।’ এই মন্তব্য বিশিষ্ট সমালোচক, অধ্যাপক প্ৰদীপ আচাৰ্যৰ। আজি ৰত্নোত্তমা দাস বিক্ৰমৰ নতুন উপন্যাস ‘অৰ্বাচীন’ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট সমালোচক আচাৰ্যই। সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী গুৰুত্বপূৰ্ণ প্ৰতিনিধি ৰত্নোত্তমা দাস বিক্ৰমৰ উপন্যাস ‘অৰ্বাচীন’ আজি বিয়লি ৩ বজাত গুৱাহাটীৰ ‘গৌৰী সদন’ত অনুষ্ঠিত এটা গাম্ভীৰ্যপূ্ৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। উপন্যাসখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ, অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়া আৰু বিশিষ্ট সমালোচক, অধ্যাপক প্ৰদীপ আচাৰ্যই। উন্মোচকৰ ভাষণত সমালোচক আচাৰ্যই ডিছট’পীয়েন সৃষ্টি সম্পৰ্কত কিছু প্ৰকাশ কৰি দেশৰ সামাজিক-ৰাজনৈতিক বাস্তৱতাৰ ভালেমান গুৰুত্বপূ্ৰ্ণ দিশলৈ আঙুলিয়াই দেখুৱায়। তেওঁ কয়, মই ইউট’পীয়াত বিশ্বাসী মানুহ। মোৰ অৰ্থ ৰাষ্ট্ৰযন্ত্ৰই ধ্বংস কৰিব নোৱাৰে। সেইবাবে বিদেশ ভ্ৰমণ কৰি বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক আলিংগন কৰিবলৈ মই ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত ১৫হাজাৰ কোটি টকা খৰচ নকৰোঁ। আৰু য’ত চৰ্দাৰ পেটেলৰ মূৰ্তিৰ কাৰণে ৩হাজাৰ কোটি টকা, শিৱাজীৰ মূৰ্তিৰ কাৰণে ৩হাজাৰ ৫০০কোটি টকা, ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে ১১হাজাৰ কোটি টকা, চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ কাৰণে ২০হাজাৰ কোটি টকা খৰচ কৰে তাত শৱ নিয়া গাড়ী নথকা বাবে দুখীয়া মানুহ এজনে মৃত পত্নীৰ মৃতদেহ চাইকেলত কঢ়িয়াবলগীয়া হয়। সেই ডিছট’পীয়া আমি দেখিছোঁ।
অসমৰ অভিজাত প্ৰকাশন গোষ্ঠী ‘বনলতা’ই ৰত্নোত্তমা দাস বিক্ৰমৰ এই উপন্যাসখন প্ৰকাশ কৰিছে। উপন্যাসখনক অসমৰ প্ৰথমখন ডিছট’পীয়েন উপন্যাস বুলি অভিহিত কৰি বনলতাৰ প্ৰকাশ অনন্ত হাজৰিকাই উপন্যাসখনৰ বিষয়বস্তু আৰু শৈলীয়ে পঢ়ুৱৈক চমকৃত কৰিব বুলি উল্লেখ কৰে। আনগৰাকী উন্মোচক কুল শইকীয়াই ৰত্নোত্তমা দাস বিক্ৰমৰ শৈলী আৰু বিষয়বস্তু সম্পৰ্কে আলোচনা কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ ‘আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ’ৰ সহযোগী অধ্যাপক তথ্য গৱেষণা গুৰু ৰত্নোত্তমা দাসৰ এইখন তৃতীয় গ্ৰন্থ। কোভিডোত্তৰ সময়ত সৃষ্টি হোৱা ‘প্ৰাগজ্যেতিকা’ নামৰ এখন কাল্পনিক একনায়কত্ববাদী দেশৰ পটভূমিক তেওঁ সমসাময়িক সামাজিক-ৰাজনৈতিক ভালেমান বিষয় আৰু ঘটনাক তেওঁ এই উপন্যাসৰ পাতলৈ তুলি আনিছে। ৰাজনৈতিক অস্থিৰতা তথা বিকল্পহীন পৰিৱেশে অৱধাৰিতভাৱে সামাজিক ব্যৱস্থাৱলী আৰু মানুহৰ সহজাত জীৱন প্ৰবাহলৈ কঢ়িয়াই অনা পৰিৱৰ্তন আৰু শংকা-সংশয়, বিশ্বাসহীনতাক এই উপন্যাসৰ পাতত সাৱলীলভাৱে তুলি ধৰিছে ঔপন্যাসিকে। অসমৰ ইতিহাসৰ বহু ৰক্তক্ষয়ী অধ্যায় আৰু সামাজিক অৱক্ষয়ৰ ঘটনাৰ সৈতে মিল থকা বহু উপকাহিনীৰো উহ পঢ়ুৱৈয়ে উপন্যাসখনৰ পাতত বিচাৰি পাব।
বাস্তৱিক জগতখনৰ ৰূঢ়-ৰুক্ষতা তথা নিষ্ঠুৰতাই বহু সময়ত অসহায়তা আৰু অস্থিৰতাৰ অনুভৱ কিদৰে লেখিকালৈ কঢ়িয়াই আনিছে তথা তাৰ মাজেৰেই তেওঁ কিদৰে আশাবাদৰো সন্ধান তেওঁৰ মনে কৰিছে তাৰ নিদৰ্শন উপন্যাসখনত তুলি ধৰিছে ঔপন্যাসিকগৰাকীয়ে। উল্লেখ্য যে, ইয়াৰ পূ্ৰ্বে ‘হৰি গুণ কহন নযাই’ (২০১৩) আৰু ‘নখ নৰখা ছোৱালীবোৰ আৰু তিনিখন ভিন্নস্বাদৰ উপন্যাসিকা’ প্ৰকাশ পাইছিল ৰত্নোত্তমা দাস বিক্ৰমৰ। অনুষ্ঠানতটোত লেখক অৰ্ণৱ শইকীয়াই অৰ্বাচীন সম্পৰ্কত বিতংভাৱে বিশ্লেষণ কৰে আৰু বিভিন্ন দিশৰ পৰা কিদৰে অসমীয়া সাহিত্যৰ বাবে উপন্যাসখন বিশেষ সেইকথা প্ৰকাশ কৰে। অনুষ্ঠানটোত উপন্যাসখনৰ আঁৰৰ প্ৰেৰণা আৰু প্ৰস্তুতি তথা ইয়াৰ সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰে লেখিকাগৰাকীয়ে। ভালেসংখ্যক লেখক তথা সাহিত্য অনুৰাগী তথা সাহিত্য অনুৰাগীয়ে ভাগ লোৱা অনুষ্ঠানটোৰ আঁত ধৰে যুৱ-গল্পকাৰ জিণ্টু গীতাৰ্থই।

Leave A Reply

Your email address will not be published.