হোজাইৰ ‘হাম’ৰ বিৰুদ্ধে অভিযোগ

Share This Article

চিকিৎসাৰ নামত ৰোগীৰ জীৱনক লৈ ল’ৰাধেমালিৰ অভিযোগ উত্থাপন হৈছে হোজাই জিলাত থকা হাজী আব্দুল মাজিদ মেমোৰিয়েল হাস্পতাল (HAMM Hospital) কৰ্তৃপক্ষৰ বিৰুদ্ধে। হাস্পতালখনৰ বিৰুদ্ধে অতি গুৰুতৰ এই অভিযোগ উত্থাপন কৰিছে হাইলাকান্দি জিলাৰ কাৰিছেৰা গাওঁ পঞ্চায়তৰ অধীনৰ শ্যামপুৰ গাওঁৰ আব্বাছ উদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে।হাস্পতালত তেওঁৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ ন’কৰাকৈ চিকিৎসকে বৃহৎ পৰিমাণ ধন আহৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে লোক জনৰ পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি, যোৱা ২৪ ছেপ্তেম্বৰ পিত্তথলীৰ পাথৰৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে হাইলাকান্দিৰ পৰা হোজাইৰ HAMM হাস্পতালত ভৰ্তি হৈছিল আব্বাছ উদ্দিন নামৰ ব্যক্তিগৰাকী। ইয়াৰ পিছতে হাস্পতালত চি ইচল‍াম নামৰ এগৰাকী চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰ কৰে ২৬ ছেপ্তেম্বৰত ইয়াৰ পিছত যোৱা ৪ অক্টোবৰত তেওঁ হাস্পতালৰ পৰা মুক্ত হৈ ঘৰলৈ আহে। কিন্তু ইয়াৰ কিছুদিন পিছতে আকৌ পেটত বিষ অনুভৱ কৰাৰ ফলতে পৰিয়ালৰ লোক স্থানীয় চিকিৎসকক দেখুওৱায় ৷তেতিয়া বিভিন্ন পৰীক্ষা কৰাৰ পিছতে আব্বাছ উদ্দিনৰ পিত্তথলীৰ পাথৰ পূৰ্বৰ অবস্থাত আছে বুলি গম পোৱা যায়।কিন্তু এই সন্দৰ্ভত HAMM হাস্পতালত যোগাযোগ কৰাৰ পিছতে তেওঁলোকে বেয়া ব্যবহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আব্বাছ উদ্দিনৰ পৰিৱালৰ লোকে। ইপিনে, গুৰুতৰভাৱে অসুস্থ আব্বাছ উদ্দিনৰ অবস্থা প্ৰতিদিনে অবনতি হৈছে। এই ঘটনাক লৈ ইতিমধ্যেই এটা গোচৰ ৰজু কৰা হৈছে বুলিও জনাইছে তেওঁৰ পৰিয়ালৰ লোকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.