স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ

Share This Article

নলবাৰী সদৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰতিবাদী ৰাইজে ঘেৰাও কৰিছে নলবাৰী সদৰ আৰক্ষী থানা।উল্লেখ্য যে ২০২১ চনৰ ৩ ডিচেম্বৰত নিজ গৃহৰ পৰা এশ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল নলবাৰী জানিগোগৰ আলিফ মহম্মদ নামৰ এগৰাকী যুৱকৰ মৃতদেহ।শিৱসাগৰৰ পৰা নিজ গৃহলৈ অহা পথতে পুৱা পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছিল যুৱকজনৰ মৃতদেহ আৰু পৰিয়ালৰ লোকে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি নলবাৰী সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।কিন্তু এজাহাৰ দাখিলৰ এবছৰ পিছতো ভুক্তভোগী পৰিয়ালটোৱে লাভ নকৰিলে ন্যায়।আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম ন’হল এজনো দোষী।আৰু ঘটনাৰ সম্পূৰ্ণ এবছৰ উকলি যোৱাৰ পিছত ন্যায়ৰ পৰা বঞ্চিত পৰিয়ালটোৰ হৈ অৱশেষত ওলাই আহিল গাঁ‌ওখনৰ শতাধিক পুৰুষ-মহিলা।হাতে হাতে বেনাৰ,ফেষ্টুন লৈ শতাধিক পুৰুষ মহিলাই নলবাৰী সদৰ আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি।অৱশ্যে নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিন্টু বৰাই আশ্বাস প্ৰদান কৰাত শাম কাটে উত্তপ্ত পৰিস্থিতিৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.