Investigative reporting with dedication.

আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ হয় অসম প্ৰদেশ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ কাৰ্যসূচী।ৰংঘৰ বাকৰিৰ পৰা কংগ্ৰেছ কৰ্মী সকলে পদযাত্ৰা কৰি শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি দৰিকাপাৰত পদযাত্ৰা কাৰ্যসূচীৰ সামৰণি পেলায়।শিৱসাগৰ সমষ্টিত আজিৰ এই ভাৰত জোড়ো কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক বসন্ত দাস, দিগন্ত বৰ্মন, ৱাজেদ আলি চৌধুৰী, ৰচিদ মণ্ডল, ৰ’জলিনা তিৰ্কী, শিৱামণি বৰা, ৰাণা গোস্বামী, অপূৰ্ব ভট্টাচাৰ্য, অংকিতা দত্তকে ধৰি বহু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।




