সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ স্বাভাৱিকতে বৈঠকত মূলত: অসমৰ উপ – নিৰ্বাচনৰ প্ৰসংগই স্থান পায় ৷ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কংগ্ৰেছ হাইকামাণ্ডক স্পষ্টকৈ জনাই দিয়ে যে এ আই ইউ ডি এফক মহাজোঁটৰ পৰা বিদায় দিয়াৰ পাছত ৰাইজৰ দলৰ এই জোটবন্ধনৰ অংশীদাৰ হোৱাত কোনো আপত্তি নাই ৷উপ – নিৰ্বাচনত সকলো বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন আঞ্চলিক দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবেও তেও মুকুল ৱাছনিকক আহ্বান জনায় ৷

 

Leave A Reply

Your email address will not be published.