কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

Share This Article

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৷ স্বাভাৱিকতে বৈঠকত মূলত: অসমৰ উপ – নিৰ্বাচনৰ প্ৰসংগই স্থান পায় ৷ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কংগ্ৰেছ হাইকামাণ্ডক স্পষ্টকৈ জনাই দিয়ে যে এ আই ইউ ডি এফক মহাজোঁটৰ পৰা বিদায় দিয়াৰ পাছত ৰাইজৰ দলৰ এই জোটবন্ধনৰ অংশীদাৰ হোৱাত কোনো আপত্তি নাই ৷উপ – নিৰ্বাচনত সকলো বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন আঞ্চলিক দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবেও তেও মুকুল ৱাছনিকক আহ্বান জনায় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.