এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

Share This Article

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ পৰীক্ষা লাগিবই ৷চূড়ান্ত নাগৰিকপঞ্জীক লৈ সদৌ অসম ছাত্ৰ সন্থা সন্তুষ্ট নহ’ল ৷যাৰ বাবে নিৰাময় বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷উচ্চতম নয়ায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী নকৰা বাবেই ত্ৰুটি ৰৈ গ’ল ৷ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবে অসমে এখন বিদেশীৰ নামযুক্ত নাগৰিকপঞ্জী পালে ৷ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি পুনৰীক্ষণৰ বাবে ছাত্ৰ সন্থাই ইতিমধ্যে ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ইয়াৰ দুটা বছৰ পাৰ হৈ গ’ল ৷ কেন্দ্ৰ আৰু অসম চৰকাৰে কেতিয়া পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰিব বুলি ছাত্ৰ সন্থাই প্ৰশ্ন কৰে ৷

সংগঠনটোৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য , সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনীহাৰ বাবেই নাগৰিকপঞ্জী সম্পূৰ্ণ শুদ্ধ নহ’ল ৷ সেয়েহে এই নাগৰিকপঞ্জীৰ পুনৰীক্ষণ লাগিবই ৷ উভয় চৰকাৰে পুনৰীক্ষণ বিচাৰি যোৱা দুটা বছৰে ন্যায়ালয়ত আবেদন নজনালে ৷ অসম চুক্তিৰ আধাৰত অবৈধ বিদেশীৰ নামমুক্ত নাগৰিকপঞ্জী উন্নীত নোপোৱালৈকে আছু ক্ষান্ত নহয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.