সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ পৰীক্ষা লাগিবই ৷চূড়ান্ত নাগৰিকপঞ্জীক লৈ সদৌ অসম ছাত্ৰ সন্থা সন্তুষ্ট নহ’ল ৷যাৰ বাবে নিৰাময় বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷উচ্চতম নয়ায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী নকৰা বাবেই ত্ৰুটি ৰৈ গ’ল ৷ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবে অসমে এখন বিদেশীৰ নামযুক্ত নাগৰিকপঞ্জী পালে ৷ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি পুনৰীক্ষণৰ বাবে ছাত্ৰ সন্থাই ইতিমধ্যে ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ইয়াৰ দুটা বছৰ পাৰ হৈ গ’ল ৷ কেন্দ্ৰ আৰু অসম চৰকাৰে কেতিয়া পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰিব বুলি ছাত্ৰ সন্থাই প্ৰশ্ন কৰে ৷

সংগঠনটোৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য , সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনীহাৰ বাবেই নাগৰিকপঞ্জী সম্পূৰ্ণ শুদ্ধ নহ’ল ৷ সেয়েহে এই নাগৰিকপঞ্জীৰ পুনৰীক্ষণ লাগিবই ৷ উভয় চৰকাৰে পুনৰীক্ষণ বিচাৰি যোৱা দুটা বছৰে ন্যায়ালয়ত আবেদন নজনালে ৷ অসম চুক্তিৰ আধাৰত অবৈধ বিদেশীৰ নামমুক্ত নাগৰিকপঞ্জী উন্নীত নোপোৱালৈকে আছু ক্ষান্ত নহয় ৷

 

- Donation -

Leave A Reply

Your email address will not be published.