কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

Share This Article

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু তেওক সমৰ্থন দিয়া নেতাসকল ধন্যবাদৰ পাত্ৰ ৷ কিন্তু কংগ্ৰেছ দলৰ এই অভিযান ইমানতে শেষ হোৱাটো উচিত নহ’ব ৷কংগ্ৰেছে এতিয়া আঞ্চলিক দল আৰু বাওপন্থী শক্তিৰ লগত একেলগে মিত্ৰতা কৰি আগবঢ়া উচিত ৷

অখিল গগৈয়ে লগতে কয় যে কংগ্ৰেছ এতিয়া এক উদীয়মান শক্তি নহয় , এক অস্তমিত ৰাজনৈতিক শক্তি ৷ এই কথা দলটোৰ নেতৃত্বই উপলব্ধি কৰা উচিত ৷এনে পৰিস্থিতিত যদি কংগ্ৰেছে অকলে আন সকলোকে গ্ৰাস কৰিম বুলি ভাবে তেনেহ’লে এয়া আত্মঘাটী সিদ্ধান্ত হ’ব ৷কংগ্ৰেছে যদি আন দলক ঠাই এৰি নিদিয়ে তেনেহ’লে সেই ঠাই বিজেপিয়ে দখল কৰি ল’ব ৷

অহা উপ –নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত একেলগে আগবাঢ়িব পাৰিলেহে ভাল ফলাফল আশা কৰিব পাৰি বুলি তেও মন্তব্য কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.