বন্ধন বেংকত বন্ধ অসমীয়া ভাষা !

Share This Article

অসমীয়া ভাষা নচলিব, বন্ধন বেংকৰ নতুন নিয়ম। অসমতে সংকটত পৰিছে মাতৃভাষা অসমীয়া। অসমত ব্যৱসায় কৰি থকা বন্ধন বেংকত গ্ৰহণ নকৰে অসমীয়া ভাষাৰ নথি পত্ৰ। আইৰ মুখৰ মাতষাৰৰ ওপৰত সৰ্বত্ৰে চলিছে ভয়ংকৰ আক্ৰমণ। বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে মেৰাপানীত।অসমীয়াত লিখা নথি নচলিব, ইংৰাজীত লিখি দিব লাগিব-একাউণ্ট খুলিবলৈ অহা সহজ সৰল অসমীয়াক এই নিৰ্দেশ বন্ধন বেংকৰ। অসমতে এনে দুদৰ্শা চলিছে অসমীয়া ভাষাৰ। অসমত চৰকাৰীভাৱে APSCৰ পৰা অসমীয়া ভাষাৰ কাকত আঁতৰোৱাৰ ওপৰিও শিক্ষাৰ মাধ্যম ইংৰাজীত কৰি অসমীয়া ভাষা নিঃশেষ কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ মাজতে অসমত ব্যৱসায় চলাই থকা বন্ধন বেংকেও অসমতে নস্যাৎ কৰিছে অসমীয়া ভাষাক।৪নং গমাৰিৰ এটি নামঘৰৰ পৰিচালনা সমিতিয়ে মেৰাপানীৰ গমাৰিস্থিত বন্ধন বেংকত একাউণ্ট খুলিবলৈ গৈ সন্মুখীন হ’ল এক অনাহুত পৰিস্থিতিৰ। ইয়াৰ পাছতেই মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে ঘটনাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো সমালচনাৰ সন্মুখীন হৈছে শাখাতো।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.