নগাঁৱৰ জাগৃতিত টিঘিলঘিলনি চোৰৰ

Share This Article

নগাঁও চহৰৰ মাজমজিয়াৰ খীষ্টিয়ানপট্টিৰ জাগৃতি হোণ্ডাত নিশা সংঘটিত হয় এক চুৰি কাণ্ড। নিশা ডীলাৰটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তই তলা ভাঙি ভিতৰত প্ৰবেশ কৰি লুটপাত চলায়। দুৰ্বৃত্তৰ দলটোৱে ডীলাৰৰ কেছ বক্স ভাঙি জমা থকা ১২ লাখ ৬৬ হাজাৰ নগদ ধনৰ লগতে ডীলাৰ মূল্যবান সা-সামগ্ৰী লৈ উধাও হয়। সোমবাৰে পুৱা কৰ্মচাৰীসকলে ডীলাৰ খুলিবলৈ অহাৰ পাছতেই ঘটনাটো পোহৰলৈ আহে। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । নগাঁও চহৰত নিশা আৰক্ষীৰ টহল থকাৰ পাছতো কেনেকৈ এই চুৰিকাণ্ড সংঘটিত হ’ল তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.