ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত বাধা হ’ল কোন দুই নেতা ?ক’লে অখিল গগৈয়ে

Share This Article

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ’ব নোৱাৰিলে ৰাইজৰ দল আৰু কংগ্ৰেছ ৷ নতুন দিল্লীত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

তেও কয় – বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় চূড়ান্ত হৈছিল ৷এই সম্পৰ্কত ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাও হৈ গৈছিল ৷ কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছ দলে ওলোটা খৰ মাৰিলে ৷ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে ৰিপুন বৰা মুখ্যমন্ত্ৰী হ’ব বুলি ভাবি এই মিত্ৰতাত বাধা দিলে বুলি কংগ্ৰেছৰ বিভিন্ন উৎসই জনাইছে ৷ যাৰ পৰিণতিত অসমত এইবাৰ বিজেপি চৰকাৰ গঠন হ’ল ৷

অখিল গগৈয়ে লগতে কয় – ৰাইজৰ দল আৰু অন্যান্য শক্তিৰে একত্ৰিত হৈ কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হোৱা হ’লে অসমত এইবাৰ কোনো কাৰণতে বিজেপি শাসনলৈ নাহিলহেঁতেন ৷এই কথা ৰিপুণ বৰা আৰু ভূপেন বৰাইও ব্যক্তিগত পৰ্যায়ত স্বীকাৰ কৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.