মহাজোঁট ভংগ : এ আই ইউ ডি এফৰ লগত নাথাকে কংগ্ৰেছ

Share This Article

ভংগ হ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ৷ সোমবাৰে অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোক মহাজোঁটৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱটোত কোৱা হয় যে এ আই ইউ ডি এফ দলৰ একাংশ নেতাই ব্যক্তি স্বাৰ্থৰ বাবে বিজেপি আৰু মুখ্যমন্ত্ৰীগৰাকীক অনাহকত প্ৰশংসা কৰি আহিছে ৷ যিয়ে কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে ৷ সেয়ে বিষয়টোৰ বিস্তৃত আলোচনাৰ পাছত প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মহাজোঁটৰ পৰা এ আই ইউ ডি এফ দলক অব্যাহতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ এই প্ৰস্তাৱ নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰিব প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷সোমবাৰৰ নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকৰ এই সিদ্ধান্তৰ বিষয়ে সংবাদমেল যোগে সদৰী কৰে সভাপতি ভূপেন বৰাই ৷ মহাজোঁট সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱ পাঠ কৰে বিৰোধী উপ- দলপতি ৰকিবুল হুছেইনে ৷

ইফালে , উপ –নিৰ্বাচন সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এখব ৮ জনীয়া সমিতি গঠন কৰা হয় ৷

এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.