সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ সৈতে এখন দীঘলীয়া বৈঠকত মিলিত হয় ৷

খবৰ অনুসৰি , মনোজ ঝাৰ সৈতে প্ৰায় এঘন্টা সময় আলোচনাত মিলিত হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ কেবাগৰাকীও নেতাও উক্ত বৈঠকত মিলিত হয় ৷ আটাইকেইটা বিৰোধী দলৰ নেতাই সমাগত লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলে উমৈহতীয়াভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ে আলোচনা কৰে ৷

 

- Donation -

Leave A Reply

Your email address will not be published.