সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

Share This Article

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ সৈতে এখন দীঘলীয়া বৈঠকত মিলিত হয় ৷

খবৰ অনুসৰি , মনোজ ঝাৰ সৈতে প্ৰায় এঘন্টা সময় আলোচনাত মিলিত হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ কেবাগৰাকীও নেতাও উক্ত বৈঠকত মিলিত হয় ৷ আটাইকেইটা বিৰোধী দলৰ নেতাই সমাগত লোকসভা নিৰ্বাচনত সকলো বিৰোধী দলে উমৈহতীয়াভাৱে প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ে আলোচনা কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.