Investigative reporting with dedication.

বজালীৰ জিলা শিক্ষা বিষয়া নিশিপদ দাসৰ ৰহস্যজনক আত্মহত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলত।পাঠশালাৰ জ্যোতিনগৰৰ বাসিন্দা ৪৮ বছৰীয়া নিশিপদ দাসে বুধবাৰে পুৱতি নিশা নিজৰ শোৱনি কোঠাত পত্নীক তলা লগাই থৈ পাকঘৰৰ ভিতৰত চিপ লয় বুলি জানিব পৰা গৈছে।পুৱা পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহ চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে পৰিয়ালৰ লোকেও গম নাপালে কিহৰ বাবে আত্মহত্যা কৰিলে শিক্ষা বিষয়া নিশিপদ দাসে।আনহাতে শিক্ষা বিভাগৰ কৰ্মচাৰীসকলে দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।



