কাইলৈৰ পৰা গুৱাহাটীত নচলিব অ’লা-উবেৰ(Ola-Uber)

Share This Article

বহিৰাগত অ’লা-উবেৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ গুৱাহাটীৰ কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘ। পহিলা অক্টোবৰৰ পৰা যৌথভাৱে সংগঠন দুটাই সম্পূৰ্ণ বৰ্জন কৰিব অ’লা- উবেৰ সেৱা। যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প হিচাপে স্থানীয় প্ৰতিষ্ঠান পে-ইণ্ডিয়া দ্বাৰা গুৱাহাটীত চলিব কেব সেৱা। দিছপুৰ প্ৰেছ ক্লাবত যৌথভাৱে সংবাদমেল পাতি এই কথা ঘোষণা কৰে সংগঠন দুটাই। ৰাজ্যৰ অ’লা-উবেৰ চালকসকল আহ্বান জনাই সংগঠন দুটাই কয়- অ’লা-উবেৰ বৰ্জনত সহযোগ কৰি পে-ইণ্ডিয়া গ্ৰহণ কৰক। শুকুৰবাৰে চালকে অ’লা-উবেৰৰ এপত ভাড়া নল’ব।তাৰ বিপৰীতে পে-ইণ্ডিয়াত অন্তৰ্ভুক্ত হওক। আনহাতে গ্ৰাহকসকলক আহ্বান জনাই সংগঠন দুটাই যৌথভাৱে কয়-গুৱাহাটী মহানগৰীত অ’লা- উবেৰ সেৱাৰ উপলব্ধ নহ’ব। তাৰ পৰিৱৰ্তে পে-ইণ্ডিয়া সেৱা উপলব্ধ হ’ব। উল্লেখ যে অলা-উবেৰৰ সৈতে গুৱাহাটী মহানগৰীত প্ৰায় ৮-৯ হাজাৰ গাড়ী চলাচল কৰিছিল। শেহতীয়াভাৱে প্ৰায় ৭৮০০ গাড়ী অন্তৰ্ভুক্ত হৈছে পে-ইণ্ডিয়াৰ সৈতে। ইফালে পে-ইণ্ডিয়া প্ৰতিষ্ঠানৰ সৈতে সংগঠন দুটাই ১৪দফীয়া চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। সংবাদমেলত উপস্থিত থাকে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰ আৰু সদৌ অসম কেব মজদুৰ সংঘ সভাপতি ৰূপাংকৰ তালুদাৰ। অৱশ্যে চালকৰ এই সিদ্ধান্তই যাত্ৰীৰ মাজত কিদৰে প্ৰভাৱ পেলায় পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.