আজি গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক

Share This Article

আজি অনুষ্ঠিত হব গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক। ধেমাজিত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ বাবে বুধবাৰেই ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহ আন মন্ত্ৰী সকল। উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক। উল্লেখ্য যে এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে কেবিনেটে। ইয়াৰ উপৰিও কাগজ কলৰ বিষয়টোৱে আজিৰ বৈঠকত বিশেষ গুৰুত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠকক লৈ এতিয়া তৎপৰ হৈ পৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগু ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.