সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ছাত্ৰ নেতাৰ দেহাৱসান

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবিৰ দেহাৱসান । সমগ্ৰ কাৰ্বি আংলংত শোকৰ ছাঁ।পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে এক দুঃখবৰ ! আজি পুৱাৰ ভাগত কাৰ্বি আংলঙবাসীক শোকৰ সাগৰত পেলাই অন্তিম বিদায় ললে অবিভাজিত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবীয়ে। প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৮ মান বজাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত কেএছএৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰা প্ৰতাপ চন্দ্ৰ টকবী জটিল ৰোগত আক্ৰান্ত হৈ আছিল ।মৃত্যুৰ পিছত তেওঁৰ নশ্বৰ দেহ ডিফু ৰংকিমি স্থিত বাসভৱনলৈ অনা হয় । তেওঁৰ মৃত্যুৰ খবৰ পাই কেএছএৰ নেতা কৰ্মী আৰু সদস্য আৰু গুণমুগ্ধ সকলে প্ৰয়াত নেতা গৰাকীৰ বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে কেএছএৰ জন্ম লগ্নৰে পৰা পাহাৰীয়া জিলাখনত গুণগত শিক্ষা, স্বায়ত্ব ৰাজ্য আন্দোলনত যোগদান কৰাৰ লগতে জিলাখনক উন্নয়নৰ শিখৰত নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে কে এছ এ ৰ ইংলংফো গোটৰ সভাপতি থাংচিং টিমুং আৰু সহকাৰী তাৰ্কিক সম্পাদক জৰ্জ টিমুঙে।

Leave A Reply

Your email address will not be published.