Investigative reporting with dedication.
অমৃত সৰোবৰৰ নামত ‘বিহ’ ঢালিলে দখলকাৰীৰ ঘৰত !

তিতাবৰত অমৃত সৰোবৰ পুখুৰী খন্দাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ ডফলাটিং গাঁৱত পুখুৰী খন্দাৰ বাবে ভূমি এৰি দিবলৈ অস্বীকাৰ দখলকাৰীৰ৷প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত৷পঞ্চায়তখনত অমৃত সৰোবৰ খান্দিবলৈ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ভূমি এৰি দিবলৈ অস্বীকাৰ ভূমি দখল কৰি থকা লোকসকলৰ।কিন্তু আজি তিতাবৰ মহকুমা প্ৰশাসনে সেই স্থানত উচ্ছেদ চলাই দখলকাৰীৰ বাসগৃহ লণ্ডভণ্ড কৰে তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰাই।ইয়াৰ পিছতে ডফলাটিং বিলগাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।প্ৰশাসনৰ এনে কাৰ্যৰ বিৰোধিতা কৰি স্থানীয় লোকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নিজকে ভূমিহীন বুলি দাবী কৰা লোকসকলে প্ৰশাসনে তেওঁলোকৰ বাবে বিকল্প কোনো ব্যৱস্থা নকৰালৈকে অমৃত সৰোবৰ খান্দিবলৈ মাটি এৰি নিদিয়ে বুলি হুংকাৰ দিছে৷





