ধৰ্ম সলালে হেৰুৱাব জনজাতিৰ মৰ্যাদা !

গুৱাহাটী প্ৰেছ ক্লাৱত জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ সংবাদমেল । জনজাতি সকলৰ ধৰ্ম,পৰম্পৰা,ৰীতি-নীতি,সংস্কৃতি সুৰক্ষা কৰাৰ স্বাৰ্থত সংবাদমেল।সংবিধানৰ ৩৪২ ধাৰাত সৰু ক্ৰুটি ৰৈ যোৱাৰ বাবেই জনজাতীয় লোকৰ মাজত ধৰ্মান্তৰকৰণ বন্ধ নোহোৱাৰ অভিযোগ তুলিছে জনজাতি ধৰ্ম সুৰক্ষা মঞ্চ, অসমে।এই ধাৰা সংশোধন কৰিবৰ বাবে জনজাতীয় লোকসকলৰ মাজত জন সজাগতা সৃষ্টি কৰিব মঞ্চই।যিসকল লোক ইতিমধ্যে ধৰ্মান্তৰিত হৈছে সেই সকলৰ অনুসূচিত জনজাতিৰ মৰ্যাদা কৰ্তনৰ বাবে ইতিমধ্যো ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে সুৰক্ষা মঞ্চই।জনজাতীয় লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য ২০২৩ ৰ ফেব্ৰুৱাৰীত মঞ্চই অনুষ্ঠিত কৰিব ‘চলো দিছপুৰ’ শীৰ্ষক বিশাল সমাৱেশ।বেছি সংখ্যক জনজাতীয় লোকেই ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ অভিযোগ কৰিছে মঞ্চই।মাজুলীত প্ৰায় ২০ ঘৰ মানুহে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে,তিনিচুকীয়া আৰু ধেমাজিৰ চিলাপথাৰৰ বহু জনজাতীয় মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে মঞ্চই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296