বিশ্ব হৃদ দিৱস উপলক্ষে ‘হেলথ চিটি হাস্পতালত’ বিশেষ সজাগতা সভা

Share This Article

হেলথ চিটি হাস্পতাল, গুৱাহটী,২৯ ছেপ্টম্বৰত ২০২১: বিশ্বৰ প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰোগত। আনহাতে ভাৰতত প্ৰতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে প্ৰতি তৃতীয় বিশ্ব দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পাতীতভাবে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হল জন সজাগতাৰ অভাৱ। এজন সজাগ ব্যক্তিয়ে অন্ততঃ ৪০ শতাংশ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে। বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ খানাপাৰাস্থিত হেলথ চিটি হাস্পতালত অনুস্থিত এক সজাগতা সভাত এই মন্তব্য কৰে হাস্পতালখনৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা হৃদ ৰোগ বিভাগৰ সঞ্চালক ডাঃ শশাংক বৰুৱাই। ইণ্ডিয়ান হাৰ্ট এছ’চিয়েচন তথ্যৰ উদ্ধৃতি দি তেওঁ প্ৰকাশ কৰা চাঞ্চল্যকৰ তথ্য অনুসৰি ভাৰতত বছৰি হাৰ্ট এটেকত মৃত্যু হয় ১৭ লাখ লোকৰ। মৃত্যুৰ এই ধাৰা অব্যাহত থাকিলে ২০৩০ চনত মৃত্যুৰ সংখ্যা হবগৈ ২.৩০ কোটি। ডাঃ বৰুৱাই হৃদৰোগৰ প্ৰতিৰোধৰ বাবে সতেজ ফল মূল, শাক পাচলি গ্ৰহণ কৰিবলৈ, অশুদ্ধ জীৱন শৈলীৰ পৰিবৰ্তন আৰু ধপাত জাতীয় সামগ্ৰী বৰ্জন কৰিবলৈও আহ্বান জনায়। তদুপৰি ৪০ বছৰ অতিক্ৰম কৰা প্ৰতিজন ব্যক্তিয়েই বছৰি এবাৰকৈ হৃদ যন্ত্ৰৰ পৰীক্ষা কৰা উচিত বুলি মন্তব্য কৰে। আনহাতে হেলথ চিটিৰ চিকিৎসা সঞ্চালক ডা: বি পি চক্ৰৱৰ্তীয়ে বিশ্ব হৃদ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে মূলতঃ হৃদৰোগ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টি হল এই দিৱসৰ তাৎপৰ্য। এইবেলি হৃদ দিৱসৰ মূল বিষয় হৈছে কভিড মহামাৰী জনিত নতুন স্বাভাৱিক পৰিস্থিতিত হৃদৰোগী সকলৰ কৰণীয়। নতুন স্বাভাৱিক পৰিস্থিতিত সামাজিক দূৰত্বৰ লগতে আন কিছু বিধি মানি চলিব লগীয়া হয়। সেয়ে হৃদৰোগীয়ে ডিজিটেল মাধ্যমত চিকিৎসক, সহকৰ্মী, বন্ধু-বান্ধবী, পিতৃ মাতৃ আৰু আপোন জনৰ সৈতে সংযোগ স্থাপন কৰা উচ্চিত। কিয়নো বৰ্তমান পৰিস্থিতিত কায়িকভাৱে কাৰোবাক লগ কৰাটো সহজে সম্ভৱ নহ’বও পাৰে। সজাগতা সভাখনত হেলথ চিটিৰ জেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ মায়ংক আগৰৱালা, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ , চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰৰ লগতে জ্যেষ্ঠ চিকিৎসক আৰু নাৰ্ছকে ধৰি চিকিৎসাকৰ্মী আৰু একাংশ স্থানীয় লোক উপস্থিত থাকে বুলি ফিচেলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে।

বিনিত
পৰাগজ্যোতি দত্ত
ফেচিলিটি ডাইৰেক্টৰ
হেলথ চিটি হাস্পতাল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.