অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

Share This Article

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে আকৌ এলানি আপলোচনাত মিলিত হ’ব ৷

অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ পাছত তৃণমূল কংগ্ৰেছৰ ফালৰ বিষয়টো মিমাংসাৰ দায়িত্ব দিয়া হৈছিল নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰক ৷ সেইবাবেই প্ৰশান্ত কিশোৰৰ আমন্ত্ৰণ ক্ৰমে অখিল গগৈ শণিবাৰে দিল্লীত উপস্থিত হৈছেগৈ ৷প্ৰশান্ত কিশোৰৰ লগত আলোচনা কৰাৰ পাছত তেও তৃণমূলৰ নেতৃত্বৰে বৈঠকত মিলিত হ’ব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.