সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে আকৌ এলানি আপলোচনাত মিলিত হ’ব ৷

অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ পাছত তৃণমূল কংগ্ৰেছৰ ফালৰ বিষয়টো মিমাংসাৰ দায়িত্ব দিয়া হৈছিল নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰক ৷ সেইবাবেই প্ৰশান্ত কিশোৰৰ আমন্ত্ৰণ ক্ৰমে অখিল গগৈ শণিবাৰে দিল্লীত উপস্থিত হৈছেগৈ ৷প্ৰশান্ত কিশোৰৰ লগত আলোচনা কৰাৰ পাছত তেও তৃণমূলৰ নেতৃত্বৰে বৈঠকত মিলিত হ’ব ৷

 

- Donation -

Leave A Reply

Your email address will not be published.