১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Share This Article

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ’ব ১ ছেপ্টেম্বৰৰ পৰা।১ ছেপ্টেম্বৰৰ পৰাই ৰাজ্যত আৰম্ভ হ’ব ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰক্ৰিয়াও।খোলা হ’ব স্কুল,মহাবিদ্যালয়,বিশ্ববিদ্যালয়।কিন্তু সকলোকে কোভিড বিধি পালন আৰু কোভিড ভেকচিন ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।আজি সংবাদ মাধ্যমৰ আগত তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দিভিয়াই অসম ভ্ৰমণ কৰি যোৱাৰ পিছতেই অসমে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন লাভ কৰিছে।এই মাহৰ শেষলৈকে ৰাজ্য চৰকাৰে মুঠ ৫০ লাখ লোকক কোভিড ভেকচিন দিয়াৰ কাম সমাপন কৰিব।আৰু দ্বিতীয় মাহত আৰু ৫০ লাখ লোকক ভেকচিন প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।কিন্তু তেওঁ লগতে দুখ প্ৰকাশ কৰি কয় যে ৰাইজলৈ ভেকচিন গ্ৰহণৰ বাবে মেছেজ প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো ৰাইজে ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নাই।সেয়ে তেওঁ ৰাইজক দুয়োপালি ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.