গৃহৰক্ষী মানে ‘কলীয়াপানী’ত চাকৰি !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমানেই সফলতাৰ ঢাকঢোল নবজাওক,তেওঁৰ দায়িত্বত থকা গৃহবিভাগৰ গৃহৰক্ষীয়ে খোৱা পানী,চিকিৎসা আদিৰ অভাৱত নিৰ্বাসনত থকাৰ দৰে দিন অতিবাহিত কৰিবলগীয়া হয়।অসম মেঘালয় সীমান্তত খাছী দুৰ্বৃত্তৰ হাতত নিহত গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেক শ্বহীদ ঘোষণা কৰাৰ দাবী সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা কাৰ্বি আংলং জিলা সমিতিৰ । বিগত ২২ নৱেম্বৰত অসম মেঘালয় সীমান্তৰ মুক্ৰত খাছী দুৰ্বৃত্তৰ হাতত অসমৰ ভূমিত উৎপন্ন হোৱা বনজ সম্পদ বচাবলৈ গৈ খাছী দুৰ্বৃত্তই গুলিয়াই নিহত কৰা গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ সপক্ষে আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা কাৰ্বি আংলং জিলা সমিতিয়ে।গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে যিহেতু সামৰিক সাজ পোছাক পৰিধান কৰি মৃত্যুবৰণ কৰিছে সেয়ে তেওঁক অসম চৰকাৰে শ্বহীদ ঘোষণা কৰিব লাগে বুলি দাবী জনাই সন্থাই ।ইয়াৰোপৰি কর্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰাৰ বাবে অসম চৰকাৰৰ নীতি অনুসৰি মৃত বিদ্যাছিং লেকথেক ৫০ লাখ টকাৰ অনুদান আগবঢ়াবলৈ দাবী জনাই অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী বাহিনী সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে ।সন্থাৰ নেতা সকলে সংবাদ মেলত অভিযোগ কৰা অনুসৰি সীমান্তত নিয়োজিত গৃহৰক্ষী জোৱান সকলে নাপায় পৰ্যাপ্ত, খাদ্য, পানী আৰু কেতবোৰ অত্যাৱশ্যকীয় সা সুবিধা ।প্ৰায়েই মানসিক অশান্তি আৰু অসুৰক্ষিত অনুভৱ কৰি আহিছে সীমান্তত নিয়োজিত গৃহৰক্ষীৰ জোৱান সকলে ।মুক্ৰত সীমান্তৰ সুৰক্ষাত থকা গৃহৰক্ষী শিবিৰত কেৱল ৮ জনীয়া গৃহৰক্ষীৰ জোৱান নিয়োগ ব্যবস্থাৰ বাবে প্ৰয়েই গৃহৰক্ষী সকল খাছী দুৰ্বৃত্তৰ ভাবুকিৰ সম্মুখীন হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে গৃহৰক্ষী সন্থাৰ নেতা সকলে ।মুখ্যমন্ত্ৰীয়ে সীমান্ত সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিষণা দিয়ে সন্থাই ।সন্থাই সংবাদমেল যোগে মৃত বিদ্যাছিং লেকথেৰ পত্নীক অতি শীঘ্ৰে এটি চৰকাৰী চাকৰি দি সংস্থাপন দিয়াৰ বাবেও দাবী জনাই সন্থাই ।আজিৰ সংবাদ মেলত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা লোহিত বৰা, সভাপতি অমল আলচিয়াৰী, সম্পাদক অৰুণ বৰা আৰু অন্যান্য সদস্য কৰ্মী সকল উপস্থিত থাকে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296