উকা কেনভাচক ৰং-তুলিকাৰে সজাবলৈ কেতিয়াও নাহে আৰু নীলপৱন বৰুৱা

ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বৰেণ্য চিত্ৰশিল্পী গৰাকীয়ে। যোৱা ২১ ছেপ্টেম্বৰত হঠাতে বেলতলাৰ সৌৰভ নগৰৰ নিজা বাসগৃহত অসুস্থ হৈ পৰে চিত্ৰশিল্পী গৰাকী। মাজ নিশা তেওঁক ভৰ্তি কৰা হয় GMCHত। ভেণ্টিলেচনত থকা অৱস্থাতে মৃত্যু হয় চিত্ৰশিল্পী গৰাকীৰ। ৮৬ বছৰ বয়সত মৃত্যুক সাৱটি লয় চিত্ৰশিল্পী গৰাকীয়ে।

নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত। পিতৃ ‘ধ্বনি কবি’ ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তিনিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ যায়। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে। ১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।পাছলৈ বৰুৱাই নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকণৰ শিক্ষা লৈছিল।
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে। ১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰাৰ লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকিত ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছে।

১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।

চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচুৰ ধূমপান কৰিছিল।

অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো ‘হুইল চকী’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল। অন্য এক গতি (সংকলন) বসুন্ধৰা-১,বসুন্ধৰা-২ তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ। আজি বিয়লি ৩-১৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296