সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত কিহৰ বাবে দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমি?

ৰাজ্যত দৰং জিলাৰ ঢলপুৰ আৰু গৰুখুটিঁৰ উচ্ছেদ অভিযানক লৈ বৰ্তমানো অব্যাহত আছে উত্তেজনা। আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘাটত তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ উচ্ছেদ অভিযানৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল। বেদখলকাৰীক উচ্ছেদ কৰি দৰঙত এক বৃহৎ কৃষি প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচাৰিছে চৰকাৰে। অৱশ্যে চৰকাৰৰ পৰিকল্পনা বাস্তৱায়িত হব নে নহয় সেয়া সময়তহে স্পষ্ট হব। কিন্তু ৰাজ্যত উচ্ছেদ অভিযানক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে আহিছে আন এটা উদ্বেগজনক খবৰ। চাহ খেতিৰ ৰম্যভূমি কৃষি প্ৰধান ৰাজ্য অসমত দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ। অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ২০১৯-২০ বৰ্ষত মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে ৩০,৭৬,৯০৯ হেক্টৰ। ইয়াৰ বিপৰীতে কৃষিকাৰ্য চলি থকা ভূমিৰ পৰিমাণ ২৬,৯৯,৪৬৭ হেক্টৰ। উদ্বেগজনক কথা এইটোৱেই যে ৰাজ্যত কৃষিভূমিৰ বিপৰীতে প্ৰতিমাহে হ্ৰাস পাবলৈ ধৰিছে কৃষিকাৰ্য চলি থকা ভূমিৰ পৰিমাণ। ৰাজ্যৰ ২৭খন জিলাত ২০১৫-১৬ বৰ্ষত কৃষিকাৰ্য কৰা হৈছিল ২৮,০১,৪৭২ হেক্টৰ মাটিত। ২০১৬-১৭ বৰ্ষত সেই পৰিমাণ ২৭,৭৩,৮৫৫ হেক্টৰলৈ হ্ৰাস পায়। আকৌ ২০১৭-১৮ বৰ্ষত এই পৰিমাণ হ্ৰাস পায় ২৭,২২,৫৩০ হেক্টৰলৈ। অৱশ্যে ২০১৮-১৯ বৰ্ষত ২০১৭-১৮ বৰ্ষতকৈ নগন্য পৰিমাণৰ কৃষিভূমি বৃদ্ধি হয়। ২০১৮-১৯ বৰ্ষত ৰাজ্যত কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ আছিল ২৭,২৩,৪৬৬ হেক্টৰ কিন্তু ২০১৯-২০ বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ ২৬,৯৯,৪৬৭ হেক্টৰলৈ হ্ৰাস পায়।
ৰাজ্যৰ প্ৰায় সকলোবোৰ জিলাতে হ্ৰাস পাইছে কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ। বৰপেটাত কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ ২০১৫-১৬ বৰ্ষৰ ১,৩৭,৪৫৫ হেক্টৰৰ বিপৰীতে ২০১৯-২০ বৰ্ষত এই পৰিমাণ হ্ৰাস পায় ১,৩৫,৬৮৪ হেক্টৰলৈ। আনকি চিৰাঙত ৭৭,৩৩২ হেক্টৰৰ পৰা ৫০,১৯৩ হেক্টৰলৈ আৰু গোৱালপাৰাত ৮০,৫৬৫ হেক্টৰৰ পৰা ৭২,৩৯৪ হেক্টৰলৈ কৃষিভূমি হ্ৰাস পাইছে। উদ্বেগজনকভাৱে কামৰূপ গ্ৰাম্য জিলাত ১,০৭,৫০২ হেক্টৰৰ পৰা কৃষিভূমি ১,০০,২৭৩ হেক্টৰলৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ ২০১৫-১৬ বৰ্ষৰ ৩১,০৯৬ হেক্টৰৰ বিপৰীতে হ্ৰাস পাইছে ২৮,২৫১ হেক্টৰলৈ। এনেদৰে ৰাজ্যৰ বুজন সংখ্যক জিলাত কৃষিভূমি হ্ৰাস পোৱাৰ বিপৰীতে ৰাজ্যৰ বাগচা, বঙাইগাঁও, ধুবুৰী আৰু ডিব্ৰুগড় আদিৰ দৰে জিলাত বাঢ়িছে কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ। উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি বছৰি ৪০,৬১,৬২৭ গৰাকী কৃষকে কৃষিকাৰ্য কৰিছিল। এই সংখ্যা এতিয়া হ্ৰাস পোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। গতিকে কৃষিভূমিৰ দ্ৰুত হ্ৰাসে চিন্তাত পেলাইছে দুৰদৰ্শী সচেতন মহলক। কৃষিভূমি যাতে হ্ৰাস নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া চৰকাৰক আহ্বান জনাইছে ৰাজ্যৰ জনগণে। কৃষি মন্ত্ৰী অতুল বৰাই কৃষিভূমিৰ পৰিমাণ হ্ৰাস সম্পৰ্কে মন্তব্য কৰি কয় যে বিভিন্ন উন্নয়নমূলক কাম যেনে নিৰ্মাণ কাৰ্য আদিৰ ফলতেই ৰাজ্যত কৃষিকাৰ্য কৰা ভূমি বা মাটিৰ পৰিমাণ হ্ৰাস পাইছে। অৱশ্যে ৰাজ্যত উন্নয়নমূলক কাম-কাজৰ সমান্তৰালভাৱে কৃষিভূমি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.