১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP

Share This Article

পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব লাগিব পথৰ কাষৰ ধাবা-হোটেল ইত্যাদি। ১ ছেপটেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাকোত্তৰ চুড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা মন্ত্ৰী ৰনোজ পেগুয়ে। অৱশ্যে সকলো শিক্ষক তথা কৰ্মচাৰীয়ে ল’ব লাগিব ভেকচিন। হোষ্টেলত থাকিবলৈ সকলো আৱাসীয়েই ক’ভিদৰ দুয়ো পালি ভেকচিন লোৱাটো বাধ্যতামূলক। এই সন্দৰ্ভত শিক্ষা বিভাগে ৩১ আগষ্টৰ ভিতৰত সুকীয়াকৈ প্ৰকাশ কৰিব নতুন শৈক্ষিক SOP। ২৫ আগষ্টত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰিছিল যে কিছু কিছু ক্ষেত্ৰত শিথিলতা আহিলেও ১ ছেপ্তেম্বৰৰ পৰা নহয় সম্পূৰ্ণ আনলক । লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে কভিদৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পূৰ্ণ সাজু অসম চৰকাৰৰ স্বাস্থ্য বিভাগ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.