সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ পূৱত কি এই ভিষ্টাডোম ৰে’ল ?

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱত ভিষ্টাডোম ৰে’লসেৱা। যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৰ নতুনকৈ সংযোগ হৈছে এই বিশেষ ৰে’ল সেৱা। সপ্তাহত দুদিনকৈ চলিব লগা এই ৰে’ল খনত আছে অত্যাধুনিক সুবিধা। পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৫৫ বজাত উপস্থিত হব হাফলঙত। আৰু সন্ধিয়া ৫ বজাত হাফলঙ ৰ পৰা আহি নিশা ১২.৪৫ বজাত গুৱাহাটী উপস্থিত হব। অত্যাধুনিক ডিছপ্লে স্ক্ৰীণৰ আৰু ৱাই-ফাই ব্যৱস্থা ও সংযোগ আছে এই বিশেষ ৰে’ল খনত। স্বয়ংক্ৰিয় শ্লাইদ ড’ৰ,চিচিটিভি, মডিউলাৰ টয়লেটৰ ব্যৱস্থা ও সংলগ্ন কৰা হৈছে ৰে’ল খনত। পৰ্যটকে অসমৰ নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবে গ্লাছৰ চাদেৰে সজ্জিত কৰি তোলা হৈছে ভিষ্টাডোমৰ দবাসমূহ।যাৰ যোগেৰে পৰ্যটকসকলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মুকলি আকাশ উপভোগ কৰি যাত্ৰা কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.