উত্তৰ পূৱত কি এই ভিষ্টাডোম ৰে’ল ?

Share This Article

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱত ভিষ্টাডোম ৰে’লসেৱা। যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৰ নতুনকৈ সংযোগ হৈছে এই বিশেষ ৰে’ল সেৱা। সপ্তাহত দুদিনকৈ চলিব লগা এই ৰে’ল খনত আছে অত্যাধুনিক সুবিধা। পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৫৫ বজাত উপস্থিত হব হাফলঙত। আৰু সন্ধিয়া ৫ বজাত হাফলঙ ৰ পৰা আহি নিশা ১২.৪৫ বজাত গুৱাহাটী উপস্থিত হব। অত্যাধুনিক ডিছপ্লে স্ক্ৰীণৰ আৰু ৱাই-ফাই ব্যৱস্থা ও সংযোগ আছে এই বিশেষ ৰে’ল খনত। স্বয়ংক্ৰিয় শ্লাইদ ড’ৰ,চিচিটিভি, মডিউলাৰ টয়লেটৰ ব্যৱস্থা ও সংলগ্ন কৰা হৈছে ৰে’ল খনত। পৰ্যটকে অসমৰ নান্দনিক দৃশ্য উপভোগ কৰিবৰ বাবে গ্লাছৰ চাদেৰে সজ্জিত কৰি তোলা হৈছে ভিষ্টাডোমৰ দবাসমূহ।যাৰ যোগেৰে পৰ্যটকসকলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মুকলি আকাশ উপভোগ কৰি যাত্ৰা কৰিব পাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.