Investigative reporting with dedication.

অৱশেষত আত্মসমৰ্পণ কৰিলে APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত আত্মসমৰ্পণ ৰহমানৰ। আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হব আতাউৰক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৫ দিনৰ বাবে জিম্নাত বিচাৰিব ৰহমানক। স্বাস্থ্য পৰীক্ষাৰ বাবে ইতিমধ্যেই MMCলৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত গৰাকীক।




