বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ ভৱনত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰকাৰ্চ ইউনিয়নে আয়োজন কৰিলে সাধাৰণ সভা। শক্তিখণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ যৌথ মঞ্চ Assam State Outsource Power Worker Union এ অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মীৰ ওপৰত চলাই থকা নিৰ্যাতন আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতি অহাৰ লক্ষ্যৰে আজি পেঞ্চনাৰ ভৱনত সাধাৰণ সভা আয়োজন কৰে ।মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ সৈতে অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত আলোচনা হৈ যোৱাৰ পাছত শক্তি বিভাগে আয়োজন কৰা সংবাদমেলত খালী পদৰ ঘোষণা, চৰকাৰৰ স্মাৰ্ট মিটাৰক লৈ ঘোষণা আদি বহু বিষয়ত মন্তব্য প্ৰকাশ কৰিলে যদিও সংবাদমেলত অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোত কোনো গুৰুত্ব নিদিয়াত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকল ক্ষোভিত হৈ পৰে ।এই বিষয়ত আজি তেওঁলোকে সাধাৰণ সভা আয়োজন কৰিছে যদিও অনাগত দিনত নিজৰ প্ৰাপ্য বিচাৰি বিজুলী ভৱনৰ বাকৰিত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296