২টা হাতীয়ে জ্বলাকলা খুৱাইছে চিচিবৰগাঁওবাসীক

চিচিবৰগাঁৱত দুটা বনৰীয়া হাতীয়ে তহিলং কৰিছে ৰাইজৰ পকা ধান। চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা, দীঘলী, উদমৰা আদি গাঁৱত আজি পুৱতি নিশা দুটা বনৰীয়া হাতী প্ৰৱেশ কৰি ৰাইজৰ পকা ধান খাই গচকি তহিলং কৰিছে । আজি পুৱা গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুটা বনৰীয়া হাতীয়ে পকা ধান খাই থকা দেখি ৰাইজৰ মাজত হুৱাদুৱা লাগে ।ৰাইজে চিঞৰ বাখৰ কৰাত হাতী দুটা পথাৰৰ মাজলৈ সোমাই যায় আৰু ৰাইজৰ পকা ধান কেৱল খুৱাই নহয় গচকি তহিলং কৰিছে । হাতীৰ ভয়ত ধান দাবলৈ ওলাই অহা দাৱনী ঘূৰি যাবলগীয়া হৈছে ।ৰাইজে বন বিভাগক খবৰ দিছে যদিও বাতৰি লিখাৰ পৰলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই । ৰাইজে জানিবলৈ দিয়া অনুসৰি গাই নদীৰ পাৰৰ লেছিয়া বিলৰ হাবিত পাঁচটা বনৰীয়া হাতীৰ এটা দল বহুদিন ধৰি আছে। কিন্তু ৰাইজে হাবি ভাঙি সৰিয়হ খেতিৰ বাবে মাটিত ট্ৰেক্টৰেৰে হাল বাই দিয়াৰ বাবে এইদৰে হাতীৰ দলটো খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে ।হাতীকেইটা খেদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাইজে বন বিভাগলৈ আহ্বান জনাইছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296