সেউজ বিপ্লৱ খুচুলুপাৰাত

বঙাইগাঁও চহৰৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ,ছাত্ৰীক অনা নিয়া কৰা স্কুল ভেন চালক ৫ গৰাকী যুৱকে দেখুৱাইছ আদৰ্শ । ৫ বন্ধুৱে মিলি আৰম্ভ কৰিছে বিভিন্ন কৃষি কৰ্ম ৷ সময় অপচয় নকৰি কৃষি কৰ্মত আত্মনিয়োগ কৰিছে খুচুলুপাৰাৰ এই কেইগৰাকী উদ্যেমী শিক্ষিত যুৱকে । ৰাতিপুৱাৰে পৰা বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ত সময় মতে নমাই থৈ বিদ্যালয় ছুটি নোহোৱালৈকে তথা বন্ধৰ দিন আৰু আবেলি সময়ত নিজ কৃষি কৰ্মত আত্মনিয়োগ কৰে খুচুলু পাৰাৰ ক্ৰমে ৰমেশ চন্দ্ৰ দাস, অংকুৰ সৰকাৰ, ফণীন ৰায়, মিহিৰ চৌধুৰী আৰু নীৰেণ ৰায় নামৰ এই কেইগৰাকীয়ে উদ্যমী যুৱকে । যুৱক কেইগৰাকীৰ এই কৰ্মক উক্ত অঞ্চলৰ লোক সকলে প্ৰশংসা কৰাৰ উপৰিও উৎপাদিত শাক,পাচলি ,কল বিক্ৰী কৰি আৰ্থিকভাৱেও লাভবান হৈছে যুৱক কেইগৰাকীয়ে । জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক পাচলি সমূহ বিক্ৰী কৰি আৰ্থিকভাৱে লাভ পোৱা বুলি উল্লেখ কৰে ।এই উদ্যমী যুৱক কেইগৰাকী হৈছে বঙাইগাঁও বিধান সভা সমষ্টিৰ তথা চিৰাং জিলাৰ সীমামূৰীয়া গাঁও খুচুলুপাৰাৰ ।দেশৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বানৰ প্ৰতি আগ্ৰহী যুৱক কেইগৰাকীয়ে স্কুল ভেন চলাই আত্মসংস্থাপনৰ পথ বাছি লৈছে যদিও ইয়াৰ উপৰিও অতিৰিক্ত সময় নষ্ট নকৰি খুচুলুপাৰাত ৰাজহুৱা ১২ বিঘা ভূমি ৰাইজৰ পৰা লীজত লৈ আৰম্ভ কৰিছে বিভিন্ন কৃষি কৰ্ম । যুৱক কেইগৰাকীয়ে পাঁচ/ ছয় বিঘা মাটিত মালভোগ কল খেতি কৰাৰ উপৰিও প্ৰায় ডেৰ বিঘাত আলু, আধা বিঘা মাটিত জাতিলাউ আৰু বিভিন্ন শাক পাচলি কৰাৰ লগতে তেওঁলোকে এখন গাহৰি ফাৰ্ম খুলিছে কৃষিপামখনত । জিলা কৃষি বিষয়া কাৰ্যালয়,জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সহায় সহযোগ পালে কৃষিপাম খন অধিক বৃহৎ ভিত্তিত কৰাৰ সপোন দেখিছে যুৱক কেইগৰাকীয়ে।যুৱক কেইগৰাকীয়ে জনোৱা মতে ৪/৫ দিনৰ অন্তৰে অন্তৰে ৭০/৮০ টা জাতিলাউ বঙাইগাঁৱৰ বিভিন্ন বজাৰ,হোটেলত বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ একেদৰে বিগত বৰ্ষত মালভোগ কল বিক্ৰী কৰি যথেষ্ঠ ধন লাভ কৰা বুলিও কয় তেওঁলোকে।আগন্তুক দিনত তেওঁলোকে এই কৃষি ফাৰ্ম খন বহল ভিত্তিত কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰে। নিজ নিজ কৰ্মত ব্যস্ত হৈ থকাৰ উপৰিও এই কৃষি কৰ্মৰ জৰিয়তে বন্ধু কেইগৰাকীয়ে ব্যস্ত হৈ থাকি লাভৰ আশা দেখা বুলি প্ৰকাশ কৰাৰ লগতে কৃষি কৰ্মৰ যোগেদিও যে স্বাৱলম্বী হব পাৰি সেয়া আশা দেখিছে বঙাইগাৱঁৰ এই উদ্যমী যুৱক সকলে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296