মেৰাপানীত স্বাস্থ্য মেলা

মেৰাপানীত আত্ম সহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ। মেৰাপানীৰ চাউদাং পথাৰ মেৰাচুকত অনুষ্ঠিত হৈছে স্বাস্থ্য মেলা। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মেৰাপানী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত একতা আৰু লেচেৰি আত্ম সহায়ক গোটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে চাউদাং পথাৰ মেৰাচুকত অনুষ্ঠিত হৈছে এই স্বাস্থ্য মেলা। উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ যুটীয়া সঞ্চালক, উপ অধীক্ষক ডঃ পুলিন ভৰালী, মেৰাপানী চিকিৎসালয়ৰ অধীক্ষক ডা° চন্দ্ৰা শ্যামৰ লগতে কেইবাটাও বিভাগৰ চিকিৎসক, নাৰ্ছ , ANM , আশা কৰ্মীকে ধৰি বিভিন্ন বিভাগৰ স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296