সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উজ্বলি উঠিল চন্দ্ৰ মুদৈৰ ৰণুৱা আৰু বেঞ্জামিন দৈমাৰী

◆ দিল্লীত দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ উপস্থিতিত অনুষ্ঠিত হৈ গ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

◆ এই অনুষ্ঠানতে উজ্জ্বলি উঠিল দুগৰাকীকৈ অসম সন্তান

- Donation -

◆ অসমৰ জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত ছবি ৰণুৱাই লাভ কৰিছে ৰজত কমল বঁটা

◆ ইয়াৰ লগতে ৰাজ্যৰ নৱাগত অভিনেতা বেঞ্জামিন দৈমাৰীয়ে জোনাকী পৰুৱা ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে লাভ কৰিছে বিশেষ সন্মান

◆ দুগৰাকীকৈ অসম সন্তানৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী

◆ চন্দ্ৰ মুদৈ আৰু বেঞ্জামিনৰ দৈমাৰীৰ সাফল্যই অসমক ভাৰতীয় চলচ্চিত্ৰ জগতখনত এক নতুন পৰিচয় প্ৰদান কৰিছে বুলি দাবী কৰিছে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজে

Leave A Reply

Your email address will not be published.