গাড়ী চোৰে টোপনি হৰিছে নগঞাৰ

ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ। এইবাৰ নগাঁৱৰ ৰণথলী জলাহত চালকক আক্ৰমণ কৰি গাড়ী চুৰিৰ চেষ্টা চলাই ৰাইজৰ তৎপৰতাত পলায়ন কৰিবলগীয়া হৈছে এটা প্ৰৱঞ্চকৰ দলে । গাড়ী চুৰিৰ এক অসাধু চক্ৰৰ দুই সদস্যই বাইহাটা চাৰিআলিৰ মোজ্জামিল হক নামৰ এজন চালকৰ এএছ ২৫ ডিচি ৩৭৩৪ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন গুৱাহাটীৰ খানাপাৰাৰ পৰা নগাঁৱৰ উৰিয়াগাঁৱলৈ বুলি ভাড়ালৈ আনে ।কিন্তু নগাঁৱৰ ৰণথলী জলাহগাঁৱত অসাধু চক্ৰৰ দুই সদস্যই চালকজনক ছুৰিকাঘাত কৰি গাড়ীখন লৈ পলায়ন কৰে । পিছত চালক গৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীৰ সৈতে যোগাযোগ কৰি পাথৰি চাৰিআলিত খালী বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।ইতিমধ্যে এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি পলাতক গাড়ী চোৰ দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296