ডক্টৰেট হ’ল ছিৰখাত হুছেইন

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত সমাৱৰ্তনত প্ৰদান কৰা হ’ল এই সন্মান। শিক্ষাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত দুবাৰকৈ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হোৱা, শিক্ষকৰ আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শিক্ষক ছিৰখাত হুছেইনক আমেৰিকাৰ কেলিফৰ্ণিয়া পাব্লিক বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী । আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচৰ সভাকক্ষত অনুষ্ঠিত কেলিফৰ্ণিয়া পাব্লিক বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত এই সন্মান প্ৰদান কৰে আমেৰিকাৰ কেলিফৰ্ণিয়া পাব্লিক বিশ্ববিদ্যায়ৰ ডীন অধ্যাপক ড° অঞ্জয় এয়ে। অভয়াপুৰী মহাবিদ্যালয়ত অংশকালীন সহকাৰী অধ্যাপক হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰা ছিৰখাত হুছেইনে ইয়াৰ পূৰ্বে শিশুৰ সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰি বঁটা লাভ কৰাৰ লগতে যুৱ সমাজকৰ্মীৰূপে আন্তঃৰাষ্ট্ৰীয় যুৱ বিনিময় অনুষ্ঠানতো ভাগ লৈছিল ।ছিৰখাত হুছেইনৰ ইউটিউৱ চেনেলে শৈক্ষিক ভিডিঅ’ আপলোড কৰি ‘ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত কৰিবলৈও সক্ষম হৈছে ।আজিৰ এই সমাৱৰ্তনত আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ ট্রেড কাৰ্যালয়ৰ প্রধান (কাউন্সিলৰ)কাদিৰ শ্বাহ, কেনিয়াৰ ভাৰতীয় দূতাবাসৰ কূটনীতিক প্যাট্রিক ওধিয়াম্বো, জাপানৰ ভাৰতীয় দূতাবাসৰ মিশ্যন উপপ্রধান কাওয়াজু কুনিহিকো, কমোৰছৰ কনচোল জেনাৰেল কে এল গাঞ্জু, ৰাজস্থান মেৱাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ডাঃ কে এস ৰাণা, গুৰগাঁৱৰ ষ্টৰেক্স বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সর্দাৰ মহিন্দৰ সিং, দিল্লী লায়ঞ্চ ক্লাৱৰ চার্টাৰ সভাপতি গৌৰব গুপ্তা আদি কৰি বিভিন্ন দেশৰ কেবাজনো ব্যাক্তি সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296