সৰিয়হ খেতিৰ কিটিপ শিকালে বৈজ্ঞানিকে

Share This Article

নগাঁও কৃষি বিভাগৰ উদ্যোগত সৰতপুৰৰ পৰা অহা কেইবাগৰাকী বৈজ্ঞানিকৰ দ্বাৰা ৰহাত সৰিয়হ কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।অসমীয়াৰ সামাজিক তথা ধৰ্মীয় উৎসৱ পাৰ্বনৰ লগত জড়িত কলৰ পটুৱা ।কিন্তু আধুনিক সমাজত প্লাষ্টিকৰ অবাধ প্ৰচলনত অসমীয়া সমাজৰ পৰা বিলুপ্ত হ’ব ধৰিছে কলৰ পটুৱা।কিন্তু এইবাৰ ৰহাত কলৰ পটুৱাত ভাত খাই আত্ম সন্তুষ্টি ললে বহিঃ ৰাজ্যৰ বিজ্ঞানীয়ে।উল্লেখ্য যে অসমক কৃষি উৎপাদনৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ ৰাজস্থানৰ ভাৰতপুৰৰ পৰা অসমলৈ আগমন ঘটিছে কৃষি বিভাগৰ বৈজ্ঞানিকৰ দল । নগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰহাত ৰাজস্থানৰ ভৰতপুৰৰ পৰা অহা কেইবাগৰাকী বৈজ্ঞানিকে অসমৰ সৰিয়হ খেতিৰ কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে। কৃষি বৈজ্ঞানিক ড০ অশোক কুমাৰ শৰ্মা, ডo পংকজ শৰ্মা, ডo বিনোদ কুমাৰ শৰ্মা আৰু নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বৈজ্ঞানিক সকলে এই প্ৰশিক্ষন প্ৰদান কৰে।কৃষিৰ লগত জড়িত কৃষক সকলে সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ সহযোগিতা লৈ কৃষক সকলক কি দৰে সৰিয়হ খেতি কৰি অসমখন আগুৱাই নিব পাৰিব তাৰ ওপৰত ভিত্তি কৰি নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ সৰিয়হ বীজ প্ৰদান কৰি অসমখন সৰিয়হ তেলৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ আহ্বান জনাই বিজ্ঞানী সকলে। অসমৰ লগতে ১৫ খন ৰাজ্যত এনে প্ৰশিক্ষণ চলিছে বুলি জানিব দিছে বৈজ্ঞানিক গৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.