অসমত আৰু লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Share This Article

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লকডাউন অসমত হ’ব নে নহয় সেয়া স্পষ্ট কৰিলে। অৱশ্যে লকডাউন সম্পৰ্কে বৰ্তমানো সংবাদ মাধ্যমত চৰ্চা চলি আছে৷ শৰ্মাই কয় যে আমি কোনেও লকডাউন হোৱাতো নিবিচাৰো৷ অসমত লকডাউন নহয়েই৷ তাৰ বাবে কিন্তু সকলোৱে ভেকচিন ল’ব লাগিব৷ ইয়াৰ লগতে যিকোনো প্ৰকাৰে ৰাইজক দুয়ো পালি ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে যেনেকৈ হ’লেও সকলোৱে ভেকচিন লওক৷ প্ৰথম পালিৰ পিছত দ্বিতীয় পালি ভেকচিন ল’বলৈ নাপাহৰিব৷ কোভিডৰ পৰা আমি বাচিবই লাগিব৷ ভেকচিন লৈ ক’ভিডৰ পৰা ৰক্ষা পৰিব লাগিব৷ আকৌ ক’ভিডৰ নতুন বিধি সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই কয় যে দিল্লীৰ পৰা নিৰ্দেশ আহিছে৷ ১৭ বছৰৰ পৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিব লাগিব৷ সকলোৱে ১৭ৰ পৰা ১৮ বছৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিয়াওক৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে অভয়সূচক মন্তব্যৰ পিছতো শংকা মাৰ যোৱা নাই ৰাইজৰ মনত। কাৰণ পূৰ্বেও লকডাউন নহয় বুলি ঘোষণা কৰি ক’ভিড পৰিস্থিতিৰ বাবে পুনৰ ৰাইজৰ ওপৰত লকডাউন জাপি দিবলৈ বাধ্য হৈছিল ৰাজ্যৰ বিজেপি চৰকাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.