APDCL-ৰ নিযুক্তি কেলেংকাৰীৰ অনুসন্ধান, ১০ জনক গ্ৰেপ্তাৰ

Share This Article

অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ এপিডিচিএলৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে অভিযান অব্যাহত ৰাখিছে। অভিযানত নিযুক্তিৰ কেলেংকাৰী সৈতে জড়িত থকাৰ অভিযোগৰ ভিত্তিত ১০ জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। তাৰে এজন বৰ্তমানেও পলাতক অৱস্থাত। একে সময়তে জালুকবাৰী, বশিষ্ট, চান্দমাৰী আৰু দিছপুৰৰ পৰা কেইবাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে লংকেশ্বৰত অভিযান চলাই বিশেষ তদাৰকী কোষে শংশাংক শইকীয়া নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁক লগত লৈ গুৱাহাটীৰ বিশ্ববিদ্যালয়তো অভিযান চলায়। নিযুক্তিৰ কেলেংকাৰীৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছে দীপাংকৰ দিহিঙীয়া নামৰ লোকজন। ইয়াৰে গ্ৰেপ্তাৰ হোৱা ১০ জন হৈছে দীপাংকৰ দিহিঙীয়া (APDCl ৰ অধ্যক্ষৰ ODS), শশাংক শইকীয়া, কংকন শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন , দুলুমনি ডেকা, জয়ন্ত ডেকা, ফাৰহা আলম, বেবিলন কাকতি, ত্ৰিদীপ শৰ্মা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.