Investigative reporting with dedication.

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। সৰ্ব ভাৰতীয় স্তৰত ২৮৩ নং ৰেংক লাভ কৰিছে হাছানুজ্জামানে। হাছানুজ্জামান AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। হাইলাকান্দিৰ লখিৰবন্দ নিৱাসী আহমেদ হাছানুজ্জামান। উল্লেখ্য যে হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক। হাছানুজ্জামানৰ সফলতাক লৈ এতিয়া উৎসাহী অসমবাসী।




