১০০ কৌটিৰ ভূ- সম্পত্তি ক্ৰয় কৰি গ্ৰেপ্তাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ স্বামী

Share This Article

সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎসবিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এচিএছ বিষয়াগৰাকী হৈছে ছইবৰ ৰহমান ৷ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত বিষয়াগৰাকীয়ে নামে বেনামে সীমাহীন সম্পত্তি গঢ়ি তুলিছিল ৷ ২০০২ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেও নিজৰ অথবা দুগৰাকী পত্নীৰ নামত  মুঠ ৮৯ টা স্থানত ভূ- সম্পত্তি ক্ৰয় কৰিছিল ৷ এই ভূমিৰ মুল্য ১০০ কৌটিতকৈও অধিক হ’ব ৷তদুপৰি তেওৰ ৬ কৌটিতকৈও অধিক মূল্যৰ অস্থাবৰ সম্পত্তিৰ তথ্য অনুসন্ধানৰ সময়ত পোহৰলৈ আহিছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে মঙলবাৰে দুপৰীয়া ২ বজাত বিষয়াগৰাকীক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছইবৰ ৰহমান ২০২১ ৰ নিৰ্বাচনৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিণাক্ষী ৰহমানৰ স্বামী ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.