উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আৱদ্ধ হৈ পৰিল কংগ্ৰেছৰ ভূপেন, দেৱব্ৰত, ৰিপুণ আৰু ৰকিঃ তাৰ পিছত?

Share This Article

দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। বেদখলকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছ দলে আৰু সেইবাবেই আজি উচ্ছেদস্থলী অভিমুখে ৰাওনা হৈছিল কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকল। কিন্তু দুৰ্ভাগ্যক্ৰমে উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আবদ্ধ হৈ পৰিল গৰুখুঁটি অভিমুখী কংগ্ৰেছৰ নাঁও। নাওঁখনত আছিল ভূপেন বৰা, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া কিম্বা ৰকিবুল হুছেইনৰ দৰে কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকল। পৰৱৰ্তী সময়ত অন্য এখন নাৱৰে উদ্ধাৰ কৰা হয় নেতাসকলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.