সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আৱদ্ধ হৈ পৰিল কংগ্ৰেছৰ ভূপেন, দেৱব্ৰত, ৰিপুণ আৰু ৰকিঃ তাৰ পিছত?

দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। বেদখলকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছ দলে আৰু সেইবাবেই আজি উচ্ছেদস্থলী অভিমুখে ৰাওনা হৈছিল কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকল। কিন্তু দুৰ্ভাগ্যক্ৰমে উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আবদ্ধ হৈ পৰিল গৰুখুঁটি অভিমুখী কংগ্ৰেছৰ নাঁও। নাওঁখনত আছিল ভূপেন বৰা, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া কিম্বা ৰকিবুল হুছেইনৰ দৰে কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকল। পৰৱৰ্তী সময়ত অন্য এখন নাৱৰে উদ্ধাৰ কৰা হয় নেতাসকলক।

Leave A Reply

Your email address will not be published.