কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই

Share This Article

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে দুৰ্লভ চমুৱাই। এই পত্ৰখনৰ দ্বাৰা ডাঃ চমুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মিডিয়া পেনেলিষ্ট আৰু অন্যান্য দায়িত্বসমূহৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে চমুৱাই বিগত ৮ ছেপ্টেম্বৰতেই কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিহে ছছিয়েল মিডিয়া যোগে পদত্যাগৰ কথা ৰাজহুৱা কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীয়ে। ডাঃ চমুৱাই বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ বাবেই মধ্য অসমত কংগ্ৰেছৰ অস্তিত্ব বিপদাপন্ন হোৱা বুলি অভিযোগ কৰি কংগ্ৰেছ দল ত্যাগ কৰে। ইয়াৰ লগতে নেতৃত্বৰ পৰা সদায়েই অৱহেলিত হৈ আহিছে বুলিও ক্ষোভ প্ৰকাশ কৰে একালৰ প্ৰতাপী বিধায়ক গৰাকীয়ে। অৱশ্যে কংগ্ৰেছৰ পৰা পদত্যাগে ডাঃ চমুৱাৰ ৰাজনৈতিক ভৱিষ্যতত কিদৰে প্ৰভাৱ পেলাব পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.