যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক

Share This Article

কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷কিন্তু বিজেপিৰ আশীৰ্বাদ যাত্ৰাত যোৰহাটত বিজেপি নেতাসকলৰ সৈতে একেলগে দেখা গ’ল এগৰাকী কংগ্ৰেছী বিধায়কক ৷ মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল ,  ৰামেশ্বৰ তেলী , সাংসদ কামাখ্যা প্ৰসাদ তাছা , তপন গগৈৰ পাছফালে অৰ্থাৎ দ্বিতীয় শাৰীত বহিবলৈ দিয়া হৈছিল এই বিধায়কগৰাকীক ৷ বিজেপিৰ মঞ্চত আসন গ্ৰহণ কৰা কংগ্ৰেছী বিধায়কগৰাকী হৈছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ৷ ইয়াৰ লগে লগে এইগৰাকী বিধায়কেও কংগ্ৰেছ এৰি বিজেপিত যোগ দিব নেকি , তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷

তাৰ মাজতে তিতাবৰৰ বিধায়কগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে তেও কংগ্ৰেছ দল ত্যাগ নকৰে ৷ জিলা উপায়ুক্তৰ আমন্ত্ৰণ মৰ্মেহে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকা সভাখনলৈ গৈছিল ৷

কিন্তু বিজেপিৰ দলীয় সভাত কংগ্ৰেছী বিধায়কগৰাকীৰ উপস্থিতিয়ে ৰাজ্যৰ ৰাজনীতিত এক নতুন ইংগিত বহন কৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.