সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক

কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷কিন্তু বিজেপিৰ আশীৰ্বাদ যাত্ৰাত যোৰহাটত বিজেপি নেতাসকলৰ সৈতে একেলগে দেখা গ’ল এগৰাকী কংগ্ৰেছী বিধায়কক ৷ মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল ,  ৰামেশ্বৰ তেলী , সাংসদ কামাখ্যা প্ৰসাদ তাছা , তপন গগৈৰ পাছফালে অৰ্থাৎ দ্বিতীয় শাৰীত বহিবলৈ দিয়া হৈছিল এই বিধায়কগৰাকীক ৷ বিজেপিৰ মঞ্চত আসন গ্ৰহণ কৰা কংগ্ৰেছী বিধায়কগৰাকী হৈছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ৷ ইয়াৰ লগে লগে এইগৰাকী বিধায়কেও কংগ্ৰেছ এৰি বিজেপিত যোগ দিব নেকি , তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷

তাৰ মাজতে তিতাবৰৰ বিধায়কগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে তেও কংগ্ৰেছ দল ত্যাগ নকৰে ৷ জিলা উপায়ুক্তৰ আমন্ত্ৰণ মৰ্মেহে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকা সভাখনলৈ গৈছিল ৷

- Donation -

কিন্তু বিজেপিৰ দলীয় সভাত কংগ্ৰেছী বিধায়কগৰাকীৰ উপস্থিতিয়ে ৰাজ্যৰ ৰাজনীতিত এক নতুন ইংগিত বহন কৰিছে ৷

 

Leave A Reply

Your email address will not be published.