‘দুৰ্নীতিমুক্ত’ চৰকাৰৰ নমুনা

Share This Article

দুৰ্নীতিমুক্ত চৰকাৰ বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ দিনত আৰক্ষীয়ে কোনোমতে পেটেভাতে খাই থকা ৰিক্সাচালকৰ পৰাও সংগ্ৰহ কৰে ধন।আৰক্ষীৰ এই ধন সংগ্ৰহৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ই ৰিক্সা চালকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিছে সন্থাটোৱে।বঙাইগাঁও জিলাৰ মানিকপুৰত আজি ই ৰিক্সা চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।মানিকপুৰ, পাতিলাদহা, চকীহালিৰ শতাধিক ই ৰিক্সা চালকে মানিকপুৰ চাৰি আলি চ’কৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি মানিকপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শেষ কৰে।মানিকপুৰৰ ই ৰিক্সাৰ পৰা মানিকপুৰ আৰক্ষীয়ে পাঁচশ টকাকৈ জৰিমনা আদায় কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।ই ৰিক্সা চালক সন্থা জিন্দাবাদ, আৰক্ষীৰ ধন সংগ্ৰহ বন্ধ কৰক, আদি শ্লোগান দি পৰিবেশ উত্তাল তোলে। মাণিকপুৰ ই ৰিক্সা চালক সকলে আৰক্ষীৰ এই কাৰ্য্যৰ তীব্ৰ সমালোচনা কৰে লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.