সাহিত্য সভাৰ ‘ভাগ্য’ নিৰ্ণয় হ’ব শনিবাৰে !

Share This Article

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি,প্ৰধান সম্পাদক আৰু উপ সভাপতি পদৰ বাবে শনিবাৰে নলবাৰীত হব ভোট গণনা।জিলা গ্ৰন্থাগাৰত গণনা কৰা হ’ব ভোট৷সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ দৌৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।মুঠ ৭৯১ টা শাখাৰ ৭৯১ টা ভোটে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ।অসম সাহিত্য সভাৰ পৰৱৰ্তী দায়িত্ব কাৰ ওপৰত দিয়া হ’ব সেয়া (কাইলৈ) শনিবাৰে নলবাৰীত নিৰ্ণয় হ’ব ।নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে নলবাৰী নাট্যমন্দিৰত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ নলবাৰী অধিৱেশনৰ অনুষ্ঠিত হ’ব।তাৰ বাবে এতিয়া প্ৰস্তুতি তুংগত।কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই সভাৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰিব ।ইয়াৰ পাছত ক্ৰমে স্মৃতি তৰ্পণ আৰু ১০ বজাত উদ্বোধনী অনুষ্ঠান হ’ব ।অসম সাহিত্য সভাৰ ভৱিষ্যতৰ নতুন দিক্‌নিৰ্ণয় কৰিবলগীয়া এই অধিৱেশনখন সৰ্বাংগ সফল কৰি তুলিবলৈ নলবাৰী জিলা সাহিত্য সভাই চেষ্টা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে এই অধিৱেশনত বহু আকাংক্ষিত অসম সাহিত্য সভাৰ ২০২৩–২৫ কাৰ্যবৰ্ষৰ সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণাৰ লগতে সভাৰ সাংবিধানিক আৰু উন্নয়ন বিষয়ৰ বহু আলোচনা কৰা হ’ব।এই অধিৱেশনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৩১ জানুৱাৰীৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰা হ’ব।সিদিনা প্ৰায় ১২ বজাত ভোট গণনাৰ মাধ্যমেৰে ২০২৩–২৫ কাৰ্যবৰ্ষৰ বাবে এইবেলি অসম সাহিত্য সভাৰ নেতৃত্ব বহন কৰিবলৈ আগুৱাই অহা সভাপতি পদৰ প্ৰাৰ্থী য়েছে দৰজে ঠংচি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰী আৰু ৰোমান শৰ্মা। উপ সভাপতি পদৰ প্ৰাৰ্থী ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা, গোৱিন্দ তালুকদাৰ, গণেশ চন্দ্ৰ নাথ৷ আকৌ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী যাদব চন্দ্ৰ শৰ্মা, উপেন্দ্ৰজিৎ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দন বৰাৰ ভৱিষ্যৎ নিৰ্ণয় হব।আনহাতে, বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰত থকা অসম সাহিত্য সভাৰ ১১ টা শাখাৰো ভোট একেলগে গণনা কৰা হ’ব বুলি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ডা° বিপিন কলিতাই জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.