অসমে পাহৰিলে,তিতাবৰবাসীয়েহে সোঁৱৰিলে তৰুণ গগৈক

Share This Article

জন নেতা তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন। তিতাবৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত নাম প্ৰসঙ্গ।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী আজি তিতাবৰত পালন কৰা হৈছে।এই উপলক্ষে তিতাবৰ ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে নাম প্ৰসঙ্গৰ। তিতাবৰৰ পৰাই প্ৰতিনিধিত্ব কৰি তিনিটাকৈ কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল তৰুণ গগৈয়ে। সমগ্ৰ অসমৰ লগতে তিতাবৰৰ উন্নযনৰ দিশত এক নতুনত্ব প্ৰদান কৰি তিতাবৰক এক উচ্চ স্থানত প্ৰতিষ্ঠা কৰি গৈছিল প্ৰয়াত তৰুণ গগৈয়ে । আজি তিতাবৰবাসীয়ে প্ৰয়াত নেতা জনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাৰে সোৱঁৰিছে। তিতাবৰ ৰাজীৱ ভৱনত দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । পুৱা বন্তি প্ৰজ্বলন,নাম প্ৰসঙ্গ,স্মৃতিচাৰণ সভা আৰু তাৰ পাছতে মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মহান নেতা গৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৰাজীৱ ভৱনৰ প্ৰাংগনত । এই অনুষ্ঠানত প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলি গগৈ, সাংসদ পুত্ৰ গৌৰৱ গগৈকে ধৰি বহু নেতা আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.