ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ৰঞ্জিত দাসৰ নৃত্য

Share This Article

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ব্যতিক্ৰমী ৰূপত দেখা গল যোগান মন্ত্ৰী ৰঞ্জিত দাসক।কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি থিয়নামত আত্মহাৰা মন্ত্ৰী জন। উল্লেখযোগ্য যে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সভাপতি শ্ৰী ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী বি.এল.সন্তোষ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী শ্ৰীবৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক মাননীয় শ্ৰী ফণীন্দ্ৰ নাথ শৰ্মা, অসম প্ৰদেশৰ সহ প্ৰভাৰী শ্ৰীপৱন শৰ্মাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক শ্ৰীঅজয় জামোৱাল উপস্থিত থাকে। সভাত বিজেপি দলটোৰ সাংগঠনিক দিশটোৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.