ক’ভিড প্ৰট’কল উলংঘা : চৰকাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম জাতীয় পৰিষদৰ

Share This Article

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্য্ভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে স্বগৃহলৈ ঘূৰি আহিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। অসমত উপস্থিত হৈয়েই বিজেপিৰ ৰাষ্ট্ৰীয় নেতা জেপি নাড্ডাৰ নিৰ্দেশ মৰ্মে ‘জন আশীৰ্বাদ যাত্ৰা’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত ভাগ ললে সোণোৱালে। ৰাজ্যত ক’ভিডে তাণ্ডৱ চলাই থকাৰ সময়তে লোকে-লোকাৰণ্য হৈ পৰিল সৰ্বানন্দ সোনোৱালৰ ৰোড শ্ব’। নিজে ক’ভিড প্ৰট’কল বান্ধি দি নিজেই ভংগ কৰিলে খোদ চৰকাৰে। সেয়েহে ক’ভিডৰ গইনা লৈ সততে ৰাইজৰ পৰা জৰিমনা কিম্বা অনুদান আদায় কৰা বিজেপি চৰকাৰৰ জন আশীৰ্বাদ যাত্ৰাৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে। এজাহাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী, তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, কুইন ওজা, বিমল বৰা, যোগেন মহন, ভৱেশ কলিতা আদিৰ দৰে নেতাৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নামো উল্লেখ কৰিছে অসম জাতীয় পৰিষদে। ক’ভিড প্ৰট’কল ভংগকাৰী প্ৰতিগৰাকী নেতা-মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে অসম জাতীয় পৰিষদে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.