সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পৰম্পৰাগত খেলত ব্যস্ত সকলো

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত পৰম্পৰাগত ৰচী টনা, টেকেলী ভঙা আৰু তেল সনা খুঁটাত বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়।সাংবাদিকৰ লগতে চৰকাৰী প্ৰতিটো বিভাগ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাত।সদায় হাতত কাগছ কলম লৈ কাৰ্যালয়ত ব্যস্ত থকা চৰকাৰী কৰ্মচাৰী আজি ব্যস্ত হয় পৰম্পৰাগত খেলত অংশ গ্ৰহণ কৰাত।হাতত বন্ধুক লৈ ৰাইজক নিৰাপত্তা দিয়া পুলিচ প্ৰশাসনৰ লোক সকল খেলুৱৈ হৈ ব্যস্ত আজি পৰম্পৰাগত ৰচী টনা প্ৰতিযোগিতাত।
ডিব্ৰুগড়ৰ সাংবাদিক সকলো ব্যস্ত আজি পুৰণি খেলৰ প্ৰতিযোগিতাত।ডিব্ৰুগড়ৰ চৌকিডিঙী খেল পথাৰত চৰকাৰী প্ৰতিটো বিভাগৰ খেলুৱৈ, সাংবাদিক, পুলিচ প্ৰশাসন মাজত ৰছী টনাৰ তয়াময়া ৰণ। সকলোৱে কৰিছে নিজৰ শক্তি প্ৰদৰ্শন।ডিব্ৰুগড় জিলা প্ৰশাসনে মঙ্গলবাৰে অনুষ্ঠিত কৰা লাচিত দিৱসৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰে ক্ৰমঃশ হেৰাই যাবলৈ ধৰা পৰাম্পৰাগত খেল। ডিব্ৰুগড়ৰ চৌকিডিঙি খেল পথাৰত এই পৰিৱেশে সকলোকে অতীতলৈ লৈ গ’ল।চৰকাৰী প্ৰতিটো বিভাগৰ পৰা ৰচী টনা প্ৰতিযোগিতাত খেলুৱৈ হিছাপে অংশ গ্ৰহণ কৰিলে কৰ্মচাৰী সকলে। বাদ পৰি নাথাকিল ডিব্ৰুগড়ৰ সাংবাদিক সকলো।উল্লেখ্য যে, ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড়তো ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ১৮ নবেম্বৰৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠান অনুষ্ঠিত হৈ আছে৷তাৰে অংশ হিচাপে আজি ডিব্ৰুগড় দেখা গল এই পৰিৱেশ।

Leave A Reply

Your email address will not be published.