এনেই জে’লৰ ভাত নহ’ব,কিবা শিকিব লাগিব !

Share This Article

কাৰাবন্দী হিচাপে থকা লোকৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশ যিসকলে এনে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক সেই সকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশৰ জৰিয়তে অসম ৰাজ্যিক আইন সেৱা কৰ্তৃপক্ষৰ সম্পাদকক সকলো জিলা কাৰাগাৰত থকা কাৰাবন্দীক প্ৰশিক্ষণ সম্পৰ্কত জনোৱাৰ লগতে আগ্ৰহী সকলক এই বিষয়ে প্ৰশিক্ষণ প্ৰদানৰ বিষয়ে জনাবলৈ আহ্বান জনাইছে।মুখ্য ন্যায়াধীশ আৰ এম চায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বাধীন বিচাৰপীঠে এখন জনস্বাৰ্থজনিত আৱেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.